Show/Hide Keyboard Layout

মৃত্যু সাৱটি সমাধি তলিত

- ভূপেন হাজৰিকা

মৃত্যু সাৱটি সমাধি তলিত

অকলে আছোঁহি শুই

এতিয়া পুনৰ আহিছা কিয়

জ্বলাব কলিজাৰ জুই ।

 

মৰণ পৰতো আছিলোঁ দেখোন

তোমাৰ বাটকে চাই

তেতিয়া তুমি সময় নেপালা

তোমাৰ আহৰি নাই ।

 

মোৰ মৃতদেহ বগা কাপোৰেৰে

কোনোবাই ঢাকি দিলে

আন কোনোবাই গঙ্গা জ্বলেৰে

দেহাটি তিয়াই দিলে ।

 

নিশ্চয় তুমি তেতিয়া আছিলা

আনৰ মৰম চুই

মই আছিলোঁ ক্ষণ গণি গণি

আশাৰ বৃক্ষ ৰুই ।

 

চিৰশান্তিৰ কোলাত আজি

পালোঁ মোৰ বিচৰা ঠাই

তুমি কিয় বাৰু এতিয়াও মোক

জোকাবলৈ এৰা নাই ।

 

জীৱন পাৰৰ কাহিনী সামৰি

তুমি কিয় যোৱা নাই

জীয়া মায়াৰ বান্ধ খুলি ল’লোঁ

মৰণ প্ৰেয়সীক পাই ।

 

নোজোকাবা মোক মিছা হাঁহি মাৰি

ভাল পাওঁ বুলি কৈ

এতিয়াতো যে পাৰ হ’বতো নোৱাৰোঁ

অসীম মৰণ লৈ ।

Hits: 2476